Depression FREE (Assamese)

ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাওক

Ratings 0.00 / 5.00
Depression FREE (Assamese)

What You Will Learn!

  • ডিপ্ৰেচনৰ পৰা কেনেদৰে বাহিৰ ওলাব পাৰি
  • ডিপ্ৰেচনত ভূগি থকা মানুহে কি কি কৰিব পাৰে
  • কেনেদৰে নিগেটিভ চিন্তাবোৰক বাধা দিব পাৰে
  • কেনেদৰে আত্মহত্যাৰ নিচিনা চিন্তাবোৰক অতিক্ৰম কৰিব পাৰি

Description

আপুনি যদি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলাব বিচাৰিছে তেন্তে এই কৰ্চটোৱে আপোনাক সহায় কৰিব৷

ইয়াক সকলো সমস্যাৰে উপায় বুলি নধৰি ডিপ্ৰেচনৰ পৰা বাহিৰ ওলোৱাৰ এই যাত্ৰাৰ এক বিশ্বস্ত সংগী বুলি ধৰিব যাৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে৷

আপুনি অকলশৰীয়া নহয়, মই আৰু এই কৰ্চটো আপোনাৰ লগত আছে৷


এয়া পাহাৰ বগোৱাৰ নিচিনা কথা৷ কেতিয়াবা আমি বগাব পাৰো, কেতিয়াবা পিচলি পৰোঁ৷ কেতিয়াবা আমি বগাও, কেতিয়াবা জিৰণি লও৷ প্ৰতিদিনে বগাবলৈ চেষ্টা কৰাটোহে ডাঙৰ কথা৷ হয়, আটাইতকৈ ডাঙৰ কথা হ’ল প্ৰতিদিনে যুদ্ধ কৰাটো৷ যুদ্ধত জিকিছেনে নাই সেয়া ডাঙৰ কথা নহয়৷ এই কৰ্চটোৱে আপোনাক প্ৰতিদিনে যুঁজিবলৈ সহায় কৰিব৷

আপুনি ইয়াত কিছুমান কথা শিকিব যিবোৰ কেৱল বুজি পালে হ’ল৷ আনহাতে এনে কিছুমান কথা শিকিব যিবোৰ অভ্যাস বা প্ৰেকটিছ কৰিব লাগিব৷ দুয়োটা কামেই কৰিব৷ অনুশীলৰ কৰিবলৈ দিয়া কামবোৰ প্ৰতিদিনে অনুশীলন কৰিব, সেয়া নাপাহৰিব৷

আৰু যেতিয়াই কিবা কামত অহা নতুন কথা দৰকাৰী যেন লাগে তেতিয়াই মই সেয়া কৰ্চটোৰ লগত যোগ কৰি দিম৷ সেয়া আপুনি বিনামুল্যে কৰ্চটো থকালৈকে লাভ কৰি থাকিব৷

মনত ৰাখিব এয়া এদিনৰ কাম নহয়, ইয়াৰ বাবে সময় লাগে৷ আপোনাৰ ডিপ্ৰেচন যিদৰে এদিনতে আৰম্ভ হোৱা নাই তেনেদৰে এদিনতে শেষো নহ’ব পাৰে৷ সেয়ে নিজক অলপ সময় দিব৷ এতিয়াও আপোনাৰ হাতত বহু সময় আছে৷ আপুনি মাত্ৰ সেই সময়বোৰৰ কথা, জীৱনৰ কথা অলপ বুজি পালে হ’ল আৰু সেইমতে চলিবলৈ চেষ্টা কৰিলেই হ’ল৷     

Who Should Attend!

  • যিসকলে ডিপ্ৰেচনত ভূগি আছে কিন্তু তাৰ পৰা বাহিৰ ওলাবলৈ ৰাস্তা বিচাৰি পোৱা নাই

TAKE THIS COURSE

Tags

Subscribers

0

Lectures

12

TAKE THIS COURSE